Tumar logot sinaki( তোমাৰ লগত চিনাকি )- lyrics | Anjana | Assamese bihu song
Tumar logot sinaki: This song is collect from an Assamese Bihu Movie, which name is Anjana ( 2009). Movie Directed by Rajesh Bhuyan, Story was written by Pankaj Jyoti Bhuyan. 'Tumar logot sinaki' was sung by Zubeen Garg & Vitali Das.
তোমাৰ লগত চিনাকি
তোমাৰ লগত চিনাকি হ'ল পাৰে হ'ল দুবছৰ
কিয়নো মোক নিদিয়া দেখা,
মোৰ কিবা হিয়া নাই নে,
মোৰ কিবা মৰম নাই নে
মোৰ কিবা দেহা নাই নে
মোক কিবা ক'লা দেখা নে
কিয় তুমি আঁতৰি থাকা
মোলৈ মৰম নাই যদি তুমি কৈয়ে দিয়া
মোলৈ মৰম নাই যদি তুমি কৈয়ে দিয়া
ফুলৰ সৰে পাপৰি বতাহৰে বা লাগি
মনতে ভাবৰ গুনা-গথা
নদীৰ আপোন হবলে জুৰি সদায় বাগৰে
তোমাক কাষত পাবলে মনে সদায় বিচাৰে
পিছে ঘৰত ককায় দিয়ে বাধা
মোকে তুমি মিছা তে ভুল নুবুজিবা
মোকে তুমি মিছা তে ভুল নুবুজিবা
বাদ্যযন্ত্ৰ
পৰিছোঁ মই ভাগৰি তৰা লেখি আকাশত
হিচাপত সদায় লাগে কেনা
মোৰ কিবা হেঁপাহ নাই নে
মোৰ কিবা অন্তৰ নাই নে
মোৰ কিবা ঘৰ-বাৰী নাই নে
মোৰ কিবা ধনে ই নাই নে
কিয় তুমি ঘৰত নোকোৱা
যৌৱন পাৰ হ'লে জানো বিচাৰি পাবা
চিন্তাৰ নাও এখনি
ভাবনা ৰ নাওঁ এখনি
নাই যে নাই হাতত গুৰি বটা
ফাগুন আহি নাপালে পলাশ বাৰু ফুলেনে
তুমি কাষত নহলে কিনো কৰো অকলে
কিয় বাৰু তেনেকৈ কোৱা
মোকে তুমি বুজিয়ো নুবুজা হোৱা,
মোকে তুমি বুজিয়ো নুবুজা হোৱা,
মোকে তুমি বুজিয়ো নুবুজা হোৱা,
মোকে তুমি বুজিয়ো নুবুজা হোৱা।

0 Comments