Bhupen hazarika song (আমি অসমীয়া নহ‌ও দুখীয়া) Assamese Lyrics

Bhupen hazarika song (আমি অসমীয়া নহ‌ওঁ দুখীয়া) Assamese Lyrics




Bhupen hazarika song: 'Ami axomiya nohouk dukhiya' This Assamese song is sung by Bhupen hazarika. The beautiful Assamese song lyrics were written by Bhupen hazarika. The album name is Nana Rahania. Music label name is saregama.This song makes in 1968.

আমি অসমীয়া নহ‌ওঁ দুখীয়া

আমি অসমীয়া নহ‌ওঁ দুখীয়া

বুলি সান্তনা লভীলে নহব

আজিৰ অসমীয়া ই নিজক নিচিনিলে 

অসম ৰসাতলে যাব

আমি অসমীয়া নহ‌ওঁ দুখীয়া

বুলি সান্তনা লভীলে নহব

MUSIC

নানা জাতি উপজাতি 

ৰহণীয়া কৃষ্টি

আকোঁৱালি লৈ হৈছিল সৃষ্টি

এই মোৰ অসম দেশ

বিভেদ পৰিহৰি নিজ হাতে শ্ৰম কৰি

দেশক নগহৰিলে 

এই দেশ হব নিশেষ 

আৰু মন বোৰো ভাঙি চিঙি যাব 

আমি অসমীয়া নহ‌ও দুখীয়া

বুলি সান্তনা লভীলে নহব

আজিৰ অসমীয়া ই নিজক নবচালে

অসমতে মগনীয়া হব

আমি অসমীয়া নহ‌ও দুখীয়া

বুলি সান্তনা লভীলে নহব

আমি অসমীয়া নহ‌ওঁ দুখীয়া

বুলি সান্তনা লভীলে নহব

MUSIC

প্ৰতি অসমীয়া ই কি কৰা উচিত

উপদেশ দিবলৈ নাই লাচিত

ডাঙৰ নহয় দেশত কৈও মোৰ 

দুৰ্বল চিতিয়া মোমাই মোৰ

বোলা হেঙ দাং ধাৰি লাচিত নাথাকিলেও

আগুৱাই যাব্ই লাগিব

নহ'লে অসমীয়া ই অসমৰ মাটি তে

নিজেই ভগনীয়া হব

আমি অসমীয়া নহ‌ওঁ দুখীয়া

বুলি সান্তনা লভীলে নহব

MUSIC

কথাঃ "অসম মৰিলে আমিও মৰিম'' বুলি

কʼবলৈ কোনো যে নাই বুলি আজি কোনে কয়?

MUSIC

গীত : কোনোবা কাপুৰুষক

পুৰুষ কৰিবলেʼ

জ্যোতিপ্ৰসাদো যে আছে।

"অসম মৰিলে আমিও মৰিম''

বুলি কʼবলৈ শ্বহীদো আছে।

আজি অম্বিকাগিৰীৰ চিঞৰক হাজাৰে

হাতে-কামে নৱৰূপ দিব।

আজিৰ অসমীয়াই সংগ্ৰাম নকৰিলে

অসমতে ভগনীয়া হʼব।।

আমি অসমীয়া নহ‌ওঁ দুখীয়া

বুলি সান্তনা লভীলে নহব

MUSIC

আনৰে লগতে অসমীয়া অসমতে

যদিহে নেবাচে বাৰু কʼতনো বাচিব

মোৰ আইক ভালপাওঁ বুলিলে

আনৰ আইক জানো ঘিণ কৰাটো বুজাব?

প্ৰতি অসমীয়া, আমি ভাল ভাৰতীয়

আৰু দূৰণিৰপৰা আহি লুইতৰ পাৰৰে

মাটিত মাতৃ বোলা প্ৰতি ভাৰতীয় হʼল

নতুন ৰূপৰ অসমীয়া।

আমি সেইভাৱে থাকিলেই হʼব

নহʼলে আমাৰ 'ৰাজহাড় নাই' বুলি

বিশ্বই বৰকে হাঁহিব।।

আমি অসমীয়া নহ‌ওঁ দুখীয়া

বুলি সান্তনা লভীলে নহব

MUSIC

বিশ্বপ্ৰেম বিনন্দীয়া বুলি

অনুভৱ কৰা প্ৰতিজন অসমীয়া

তুমিওতো জানা এটি কথা --

আপোন মাতৃৰ অশ্ৰু নমচিলে

বিশ্বপ্ৰেম হʼব বৃথা

তুমি বিশ্বৰ শৰীৰত পঙ্গু অঙ্গ হʼলে

বিশ্বই জানো ভাল পাব?

পৃথিৱীত জনমি সচেতন নহʼলে

প্ৰাপ্যও থিতাতে হেৰাব।।

আমি অসমীয়া নহ‌ওঁ দুখীয়া

বুলি সান্তনা লভীলে নহব

MUSIC

থলুৱা আৰু নতুন অসমীয়াক

এইবেলি -- সেঁৱা যাচি লৈ

সোঁৱৰাব খুজিছোঁ

অসমৰ ৰাইজে নিজকে পাহৰিলে

ভোগালীতো দুৰ্ভোগ পাব

আৰু বাপতি-সাহোন সেই ৰঙালী বিহুটিও

কঙালীত পৰিণত হʼব।।

আজিৰ অসমীয়াই নিজক নবচালে

অসম ৰসাতলে যাব।

আমি অসমীয়া নহ‌ওঁ দুখীয়া

বুলি সান্তনা লভীলে নহব |


ধন্যবাদ

Post a Comment

0 Comments